ঊ
অৱয়ব
ঊ |
অসমীয়া বৰ্ণমালা |
---|
স্বৰবৰ্ণ |
অ আ ই ঈ |
উ ঊ ঋ |
এ ঐ ও ঔ |
ব্যঞ্জনবৰ্ণ |
ক খ গ ঘ ঙ |
চ ছ জ ঝ ঞ |
ট ঠ ড ঢ ণ |
ত থ দ ধ ন |
প ফ ব ভ ম |
য ৰ ল ৱ |
শ ষ স হ |
ক্ষ ড় ঢ় য় |
ৎ ং ঃ ঁ |
অব্যৱহৃত বৰ্ণ |
ৠ ঌ ৡ |
ঊ অসমীয়া লিপিৰ স্বৰবৰ্ণৰ ষষ্ঠ আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।[1] 'ঊ'ও এটি স্বৰধ্বনি, সেয়েহে 'ঊ' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'ঊ'-ক এনেদৰে লিখা যায়।[2]
ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে
[সম্পাদনা কৰক]কোনো ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে 'ঊ'ৰ ৰূপ সলনি হয়, অৰ্থাৎ ইয়াক অন্য ৰূপত লিখা হয়। সেই ৰূপ 'ঊ'ৰ গৌণ প্ৰতীক। 'ঊ'ৰ এই ৰূপ হ'ল 'ূ'।[3] যেনে ক্+ঊ= কূ আদি।
ইউনিক’ড
[সম্পাদনা কৰক]ৰূপ | চিহ্ন | ইউনিক’ড | ক’ড নম্বৰ | ইউনিক’ডত বিৱৰণ[4] |
---|---|---|---|---|
স্বতন্ত্ৰ ৰূপ | ঊ | ঊ | U+098A |
BENGALI LETTER UU |
গৌণ ৰূপ | ূ | ূ | U+09C2 |
BENGALI VOWEL SIGN UU |
'ঊ' বৰ্ণৰে পৰা আৰম্ভ হোৱা শব্দৰ উদাহৰণ
[সম্পাদনা কৰক]- ঊণ
- ঊণহাৰ
- ঊণী
- ঊনবিংশ
- ঊদফাই
- ঊধা-মূধা
- ঊধস্য
- ঊষা
- ঊষাপুৰ
ঊ-কাৰ যুক্ত শব্দৰ উদাহৰণ
[সম্পাদনা কৰক]- কূটনৈতীক
- ক্ৰূৰ
- ঘূৰণীয়া
- চূণশিল
- চূড়ান্ত
- দূৰদৰ্শন
- ধূলি
- ধূমপান
- পূব
- ভূপেন
- ভূমিকা
- মূল
- ৰূপ
- শূণ্য
- সূৰ্য
- সূৰ্যগ্ৰহণ
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ xobdo.org search result of স্বৰবৰ্ণ
- ↑ World Braille Usage, UNESCO, 2013
- ↑ ডেকা আৰু ডেকাৰ 'ৰচনা প্ৰবাহ'ৰ পৃষ্ঠা ৫
- ↑ বাংলা ইউনিক'ড তালিকা (পি.ডি.এফ.)