ধনগুলৈ
![](https://upload.wikimedia.org/wikipedia/commons/thumb/5/5f/Will-o-the-wisp_and_snake_by_Hermann_Hendrich_1823.jpg/220px-Will-o-the-wisp_and_snake_by_Hermann_Hendrich_1823.jpg)
ধনগুলৈ (ইংৰাজী: jack-o’-lantern, friar’s lantern, will-o’-the-wisp)[1] পচা বস্তু আদি থকা জেকা ঠাইৰ পৰা ওলোৱা এবিধ বায়ু বাষ্পৰ সংস্পৰ্শত জ্বলি উঠাৰ ফলত সৃষ্টি হোৱা জুই। পতিত বা পৰিত্যক্ত জলাহভূমিত মাজে মাজে ৰাতি এনে অস্থায়ী অগ্নিশিখা দেখা যায়। ইয়াক অন্যান্য নাম যেনে- উকা, ধনগুলৈ, গুলৈ, আধামূৰী, আধা-মূৰীয়া, আধামুণ্ডী আদিৰেও জনা যায়।[1]
সৃষ্টিৰ প্ৰক্ৰিয়া[সম্পাদনা কৰক]
জৈৱ পদাৰ্থৰ, বিশেষকৈ, প্ৰাণীদেহৰ পচনৰ ফলত ফছফিন বা মিথেন বা মাৰ্ছ গেছ উৎপন্ন হয় (শুকান ঠাইত সাধাৰণতে ফছফিন আৰু জলাহ অঞ্চল হ'লে মিথেন গেছ উৎপন্ন হয়)। এই দুয়োবিধ গেছ স্বাভাৱিকভাৱেই অক্সিজেনৰ সংস্পৰ্শলৈ আহি এটা বিস্ফোৰক মিশ্ৰণৰ সৃষ্টি কৰে। এই বিস্ফোৰক মিশ্ৰণ উৎপন্ন হোৱা ঠাইত যদি ফচফৰাছ-ডাই-অক্সাইড উৎপন্ন হৈ বায়ুৰ সংস্পৰ্শলৈ আহে,তেতিয়া তৎক্ষণাৎ আপোনা-আপুনি জুই জ্বলি উঠে। ইয়াকে ধনগুলৈ বুলি কোৱা হয়। এই জুইৰ আঁচ পোৱা মাত্ৰে ফছফিন আৰু মাৰ্চ গেছৰ বিস্ফোৰক মিশ্ৰণটোও মুহূৰ্তৰ ভিতৰত জ্বলি উঠে। ৰাতিৰ অন্ধকাৰত অ'ত-ত'ত এই জুই বহুদূৰৰ পৰা দেখা যায়। প্ৰবল বৰষুণতো ধনগুলৈৰ শিখা কমি বা নুমাই নাযায়। অৱশ্যে গেছ মিশ্ৰণটো এসময়ত জ্বলি-পুৰি শেষ হৈ যায়। তেতিয়াই হঠাৎ দপকৈ ধনগুলৈ নুমাই যায়।
লোকবিশ্বাস[সম্পাদনা কৰক]
অতীজৰেপৰাই ধনগুলৈয়ে সাধাৰণ মানুহৰ মনত ভয়ৰ সঞ্চাৰ কৰি আহিছে। আগেয়ে মানুহে বিশ্বাস কৰিছিল যে কোনো কৃপণ মানুহে মাটিত পুতি থোৱা ধন-সোণবোৰ এনেদৰে জুই হৈ জ্বলে। সেয়ে ইয়াৰ নাম ধনগুলৈ।[2]